শৰতৰ শেৱালীয়ে নিয়ৰৰ
দলিচা পাৰি
ৰৈ আছে বাট চাই
তোমালৈ বুলি,
আহিবা আহিবা তুমি
শাৰদী ৰাণী ।
টুপ টুপ নিয়ৰ সৰিছে,
কঁহুৱা জুপিয়ে আনন্দৰ
লহৰ তুলিছে ।
ৰিব্ ৰিব্ বতাহ
বলিছে, নআনন্দৰ প্লাবন নামিছে,
সাগৰত জোৱাৰ উঠিছে,
পুৱাৰ সুৰুজে ধৰাত
ৰঙৰ ফাকু খেলিছে ।
নীল আকাশৰ পৰা ৰূপালী
জোনাকে আহি
জোনাকৰ পোহাৰ মেলিছে
।
থুপি থুপি তৰা জাকে
জোনৰ সতে গীত জোৰে,
তাৰেই উমান লৈ ধৰাৰ
বুকুলৈ বুলি শাৰদী ৰাণী ধাপলী মেলিলে ।
কিযে মনোমোহা দৃশ্য,
খোজত স্বপ্ন ভৰা দৃশ্য,
আঁচলতে হীৰা কি,
মুকুটা জ্বলে,
চুলিতাৰিত মেঘৰ
বৰণ দেখি হয় মন চঞ্চল,
ৰূপৰে মাধুৰী সনা
দেহাৰ বৰণ,
আহিবা আহিবা তুমি
শাৰদী ৰাণী
মনৰ পদুলি হ’ল উদুলী
মুদুলী ।
তাং: ১৪/১০/২০১৮ মন্তি
মহন্ত (অঞ্জনা)

