ফাগুন ফাগুন লগা
মনৰ বতৰা
ফাগুনৰ কান্ধত উঠি
পলাশ শিমলু ফুলি
তেজ ৰঙা ৰঙৰে পোহাৰ মেলি,
আকাশত ৰঙৰ আাবিৰ সিচি
ফাগুনৰ পচোৱাই কাণে কাণে কৈ যায়,
ফুৰিছো আপোন মনে আঁচল উৰোৱাই ।
ৰঙালি বিহুৰ বাতৰি বিলাই , ।
পুৰণিক বিদায় দি
নতুনক আদৰি আনি,
গছে বনে সুশুভিত হ’ব ধৰণি ।
ন’ ন’ সৃষ্টিৰ পাতনি মেলি,
ন’ সূৰুজৰ নতুন আভাস বিচাৰি,
মেলি দিওঁ হাত দুখানি,
আনন্দৰ উল্লাহৰ আচল পাতি ।

No comments:
Post a Comment