বহুতো আশা বুকুত
বান্ধি ফুলনি পাতলো,
সুগন্ধি ফুল জুপি
ফুলনিত ৰোলো ।
অতি যতনৰে সাৰ-পানী দিলো,
আগ-গুৰিলৈ বুলি
সদায় চাই ৰলো ।
লহ-পহকৈ ডাল-পাত
ঠন ধৰি উঠিলে,
পাতৰ মাজতে এটি
সুন্দৰ কলি মেল খালে,
হঠাৎ কোনে জানো
ভাঙি-ছিঙি নিলে ।
উকা কৰি থৈ গ’ল
মোৰ ফুলনি খন,
এইয়া হ’ল মালিনীৰ
ভাগ্যৰ লিখন ।
কোনেনো বুজিব
এই মালিনীৰ দুখ,
নিষ্ঠুৰ নিয়তিয়ে
পালে পৰম সুখ ।
নিৰৱে অপেক্ষা
কৰিম আকাশলৈ চাই,
গজিব ফুলপাহ ফুলনিত
দুনাই ।
তাং:১৪/৬/২০০৫ …………..মন্তি মহন্ত





