তোক দেখি দুখ লাগে এনে অৱস্হা ।
গামোচা শুৱনি গুৰু আসনত,
গামোচা শুৱনি সিংহাসনত ।
গামোচা কৱচ ৰূপে যুজাৰুৰ কান্ধত,
গামোচা আইৰ আৰ্শীবাদত ।
গামোচা নামঘৰৰ খুটাত মেৰাই,
গামোচা ভকতৰ ডিঙিত শুৱাই ।
গামোচা আছিল সন্মানৰ প্ৰতীক,
সপোনৰ ফুলৰ চানেকী ৰচি
চেনাই বিহুৱান ৰূপত ।
গামোচা আজি বহা চোফাৰ কোচনত ।
গামোচা দেখো মহিলাৰ ব্লাউজৰ ৰূপ,
গামোচা দেখো ল’ৰাৰ চোলাৰ ৰূপত ।
এনেবোৰ অপব্যৱহাৰ সহিব নোৱাৰো,
হিয়া ভৰা শ্ৰদ্ধা ভক্তি গামোচাক
জনালোঁ ।
তাং:১২/০৪/২০১৭ …………..মন্তি মহন্ত


No comments:
Post a Comment