🍁🍁 আশা 🍁🍁
নদীও নহ'লো মই বৈ থাকি সাগৰত পৰিবলে,
ফুল নহ'লো ফুলনিত হালি-জালি ফুলি থাকিবলে।
চৰাই নহ'লো আপোনাৰ মনে উৰি ফুৰিবলে
মৌ-মাখি নহ'লো ফুলৰ মৌ নিতৌ চোহিবলে
পখিলা নহ'লো জাক পাতি ফুলত পৰিবলে
নহ'লো শেৱালি ফুল ৰাতিয়েই ফুলি ৰাতিয়েই সৰিবলে।
সৌৰভ বিলাই ফুৰিম।
সুৰুজও নহ'লো পুৱাৰ কিৰণ বিলাবলে,
জোনবাই নহ'লো ওৰেৰাতি পোহৰ সিচিবলে।
তৰা নহ'লো সন্ধিয়া আকাশত তিৰবিৰাই জিলিবলে,
বিৰিখ নহ'লো বাটৰুৱাক চায়া দি ৰাখিবলে।
নাই মোৰ কপালত এনে কাৰ্য্য কৰিবলে,
জনমে জনম ল'ম পুণ্য কৰিবলে।
জোনবাই-জোনবাই অ' জোনবাই,তোৰ দেখোন অকনমানো আহৰি নাই।
পোহৰ বিলাই-বিলাই ভাগৰ নালাগে ?
তই নহ'লে আকৌ অন্ধকাৰ নামে।
ইঠাই সিঠাই মাথোঁ ফুৰ পোহৰ বিলাই,
আমি সবে ৰৈ থাকোঁ আকাশলৈ চাই ।
আইতাই জোনাকত বহি ক'ত যে সাধু শুনায়,
কোলাত লৈ সাধুকথা কৈ কৈ ভাত পানী খুৱাই ।
বহুতো তৰাই লগ লাগি পোহৰ বিলাই,
তথাপিতো তই নহ'লে পোহৰৰ মূল্য নাই।
কেতিয়াবা যদিহে ডাৱৰে ঢাকি ধৰে,
ফালি চিৰি আ'হ আমাক পোহৰৰ দিবলে।
আজি কালি জোনৰ লগত তুলসীৰ ছবি নাই,
ৰামচন্দ্ৰই হৰ ধনু ধৰা দেখিবলৈ নাপায়।
আইতাৰ সাধু শুনা সকলোৰে ভাগ্যও নাই,
কালৰ বুকুত সকলো গুচি গ'ল হেৰাই ।
...............মন্তি মহন্ত



