Showing posts with label মন্তিৰ কবিতা. Show all posts
Showing posts with label মন্তিৰ কবিতা. Show all posts

Tuesday, 26 November 2019

আশা

🍁🍁 আশা 🍁🍁
নদীও নহ'লো মই বৈ থাকি সাগৰত পৰিবলে, 
ফুল নহ'লো ফুলনিত হালি-জালি ফুলি থাকিবলে। 
চৰাই  নহ'লো আপোনাৰ মনে উৰি  ফুৰিবলে
মৌ-মাখি নহ'লো ফুলৰ মৌ নিতৌ চোহিবলে
পখিলা  নহ'লো জাক পাতি  ফুলত পৰিবলে
নহ'লো শেৱালি ফুল ৰাতিয়েই ফুলি ৰাতিয়েই সৰিবলে। 
সৌৰভ বিলাই ফুৰিম।
সুৰুজও নহ'লো পুৱাৰ কিৰণ বিলাবলে, 
জোনবাই  নহ'লো  ওৰেৰাতি পোহৰ সিচিবলে। 
তৰা নহ'লো সন্ধিয়া  আকাশত তিৰবিৰাই জিলিবলে, 
বিৰিখ নহ'লো বাটৰুৱাক চায়া দি ৰাখিবলে। 
নাই  মোৰ কপালত  এনে কাৰ্য্য কৰিবলে, 
জনমে জনম ল'ম পুণ্য কৰিবলে।
জোনবাই-জোনবাই অ' জোনবাই,
তোৰ দেখোন অকনমানো আহৰি নাই।
পোহৰ বিলাই-বিলাই ভাগৰ নালাগে ?
তই নহ'লে আকৌ অন্ধকাৰ  নামে।
ইঠাই সিঠাই মাথোঁ ফুৰ পোহৰ বিলাই,
আমি সবে ৰৈ  থাকোঁ আকাশলৈ চাই ।
আইতাই জোনাকত বহি ক'ত যে সাধু শুনায়,
কোলাত লৈ সাধুকথা কৈ কৈ ভাত পানী খুৱাই ।
বহুতো তৰাই লগ লাগি  পোহৰ বিলাই,
তথাপিতো তই নহ'লে পোহৰৰ মূল্য নাই।
কেতিয়াবা যদিহে ডাৱৰে ঢাকি ধৰে,
ফালি চিৰি আ'হ আমাক পোহৰৰ দিবলে।
আজি কালি জোনৰ লগত তুলসীৰ ছবি নাই,
ৰামচন্দ্ৰই হৰ ধনু ধৰা দেখিবলৈ নাপায়।
আইতাৰ সাধু শুনা সকলোৰে ভাগ্যও নাই,
কালৰ বুকুত  সকলো গুচি গ'ল হেৰাই ।


                                          ...............মন্তি মহন্ত

মাতৃৰ মৌ-মিঠা মাত


🙏🙏মাতৃৰ মৌ-মিঠা মাত🙏🙏
ক'ত  আৰু পাম এনে মৌ -মিঠা মাত 
যি মাতত  বুকুখন  পৰি যায় শাঁত । 
বুকুৰ  মাজত সাবতি  ধৰি, 
যেতিয়া সোন  বুলি  মাতে , 
তেতিয়া  পৃথিৱীৰ মিঠা একোয়েই নালাগে, 
সকলো দুখ ভাগৰ ততালিকে গুছে।
মোৰ মা  ফেদেলীষেই  হওঁক বা  গেন্ধালি হওঁক
তথাপি মোৰ বাবে মা বিশ্ব সুন্দৰী  । 
দহ মাহ দহ দিন গৰ্ভত ৰাখি 
জন্ম দিয়া পাছৰ পৰাই কিমান কষ্ট কৰি, 
নিভাঁজ মৰমেৰে আলফুল কৰি , 
বুকুৰ মৰমেৰে, আচলেৰে ঢাকিলৈ
স্তন পান কৰাইছিলে বুকুত সাবতি । 
নিচুকাইছিল ক'ত মোক পুৱা গধুলি, 
সেই গৰাকীয়েই মোৰ আই চেনেহৰ জননী । 
ক'ত নিশা উজাগৰে কটাই মোৰ বাবে, 
কেতিয়াবা জানো এইধাৰ কোনোৱে শোধিব  পাৰে । 
মাতৃৰ ধাৰ শোধিবৰ বাবে কাৰো সাহস নাই, 
সেইবাবেই মা আমাৰ পৰম পূজনীয়া আই।

                                               ...............মন্তি মহন্ত


Monday, 25 November 2019

জোনবাই

🌹জোনবাই🌹
জোনবাই-জোনবাই অ' জোনবাই, 
তোৰ দেখোন অকনমানো আহৰি নাই। 
পোহৰ বিলাই-বিলাই ভাগৰ নালাগে ? 
তই নহ'লে আকৌ অন্ধকাৰ  নামে।
ইঠাই সিঠাই মাথোঁ ফুৰ পোহৰ বিলাই, 
আমি সবে ৰৈ  থাকোঁ আকাশলৈ চাই । 
আইতাই জোনাকত বহি ক'ত যে সাধু শুনায়, 
কোলাত লৈ সাধুকথা কৈ কৈ ভাত পানী খুৱাই । 
 বহুতো তৰাই লগ লাগি  পোহৰ বিলাই, 
তথাপিতো তই নহ'লে পোহৰৰ মূল্য নাই।
কেতিয়াবা যদিহে ডাৱৰে ঢাকি ধৰে, 
ফালি চিৰি আ'হ আমাক পোহৰৰ দিবলে।
আজি কালি জোনৰ লগত তুলসীৰ ছবি নাই,
ৰামচন্দ্ৰই হৰ ধনু ধৰা দেখিবলৈ নাপায়। 
আইতাৰ সাধু শুনা সকলোৰে ভাগ্যও নাই, 
কালৰ বুকুত  সকলো গুচি গ'ল হেৰাই ।

................. মন্তি মহন্ত (অঞ্জনা)