🙏🙏মাতৃৰ মৌ-মিঠা মাত🙏🙏
ক'ত আৰু পাম এনে মৌ -মিঠা মাত
যি মাতত বুকুখন পৰি যায় শাঁত ।
বুকুৰ মাজত সাবতি ধৰি,
যেতিয়া সোন বুলি মাতে ,
তেতিয়া পৃথিৱীৰ মিঠা একোয়েই নালাগে,
সকলো দুখ ভাগৰ ততালিকে গুছে।
মোৰ মা ফেদেলীষেই হওঁক বা গেন্ধালি হওঁক
তথাপি মোৰ বাবে মা বিশ্ব সুন্দৰী ।
দহ মাহ দহ দিন গৰ্ভত ৰাখি
জন্ম দিয়া পাছৰ পৰাই কিমান কষ্ট কৰি,
নিভাঁজ মৰমেৰে আলফুল কৰি ,
বুকুৰ মৰমেৰে, আচলেৰে ঢাকিলৈ
স্তন পান কৰাইছিলে বুকুত সাবতি ।
নিচুকাইছিল ক'ত মোক পুৱা গধুলি,
সেই গৰাকীয়েই মোৰ আই চেনেহৰ জননী ।
ক'ত নিশা উজাগৰে কটাই মোৰ বাবে,
কেতিয়াবা জানো এইধাৰ কোনোৱে শোধিব পাৰে ।
মাতৃৰ ধাৰ শোধিবৰ বাবে কাৰো সাহস নাই,
সেইবাবেই মা আমাৰ পৰম পূজনীয়া আই।
...............মন্তি মহন্ত
...............মন্তি মহন্ত
No comments:
Post a Comment