Wednesday, 21 June 2017

ফুলনি


বহুতো আশা বুকুত বান্ধি ফুলনি পাতলো,
সুগন্ধি ফুল জুপি ফুলনিত ৰোলো ।
অতি যতনৰে  সাৰ-পানী দিলো,
আগ-গুৰিলৈ বুলি সদায় চাই ৰলো ।
লহ-পহকৈ ডাল-পাত ঠন ধৰি উঠিলে,
পাতৰ মাজতে এটি সুন্দৰ কলি মেল খালে,
হঠাৎ কোনে জানো ভাঙি-ছিঙি নিলে ।
উকা কৰি থৈ গ’ল মোৰ ফুলনি খন,
এইয়া হ’ল মালিনীৰ ভাগ্যৰ লিখন ।
কোনেনো বুজিব এই মালিনীৰ দুখ,
নিষ্ঠুৰ নিয়তিয়ে পালে পৰম সুখ ।
নিৰৱে অপেক্ষা কৰিম আকাশলৈ চাই,
গজিব ফুলপাহ ফুলনিত দুনাই ।

তাং:১৪/৬/২০০৫        …………..মন্তি মহন্ত

আইৰ চকুলোৰ নিজৰা

আই মোক কিয় জনম দিলা,
দেউতা মোক কিয় ডাঙৰ কৰিলা ।
ইমান কম বয়সত ভবাই নাছিলো মই,
সুন্দৰ পৃথিবীখন হঠাতে এৰিব লাগিব মই ।
বহুতু আশাকৰি মায়ে জন্ম দিলে,
পঢ়ি শুনি ডাঙৰ হ’লো,
পুত্ৰ সুখ দিবলৈ আগবাঢ়ি যাওঁতে,
আধা বাটতে উজুতি খালো ।
কিনো দোষ কৰিলো একো নাজানিলো,
এই মাথোন তেইচটি বছৰত,
নেদেখা গোঁসায়ে মোকহে দেখিলে
পালোহি মৃত্যু দুৱাৰ মুখত ।
অতি যতনেৰে মায়ে মোক তুলিলে
কোলাই বোকোচাই তুলি,
অতি কষ্টেৰে দেউতাই মোক পঢ়ালে
সৰু চাকৰি এটি কৰি ।
ময়ো বুজি পালো সময় নষ্ট নকৰি
একাগ্ৰতা হ’ল মোৰ লগৰ লগৰী,
পঢ়াশুনা শেষ কৰি চাকৰি মুখি হওঁতেই
কোনে জানো লৈ গ’ল মোক ধৰি বান্ধি ।
মা-দেউতা- বা মোৰ অকনো নকৰিবা দুখ,
মোক নি ভগবানে যদিহে পায় পৰম সুখ ।
একান্ত মনেৰে ভগবানক মাতিবা
পুত্ৰৰূপে পাবলৈ মোক,
অহা জনমত হে পাৰিম ছাগৈ
পৰিশোধ কৰিব তোমলোকৰ সুদ ।
তাং: ৫ মাৰ্চ ২০০৫  …….. স্বৰ্গীয় মাধুৰ্য্য কলিতা


গামোচা

      

গামোচা গামোচা ফুলাম গামোচা,
তোক দেখি দুখ লাগে এনে অৱস্হা ।
গামোচা শুৱনি গুৰু আসনত,
গামোচা শুৱনি সিংহাসনত ।
গামোচা কৱচ ৰূপে যুজাৰুৰ কান্ধত,
গামোচা আইৰ আৰ্শীবাদত ।
গামোচা নামঘৰৰ খুটাত মেৰাই,
গামোচা ভকতৰ ডিঙিত শুৱাই ।
গামোচা আছিল সন্মানৰ প্ৰতীক,
সপোনৰ ফুলৰ চানেকী ৰচি
চেনাই বিহুৱান ৰূপত ।
সেই গামোচা আজি মেখেলা চাদৰত,
গামোচা আজি বহা চোফাৰ কোচনত ।
গামোচা দেখো মহিলাৰ ব্লাউজৰ ৰূপ,
গামোচা দেখো ল’ৰাৰ চোলাৰ ৰূপত ।
এনেবোৰ অপব্যৱহাৰ সহিব নোৱাৰো,
হিয়া ভৰা শ্ৰদ্ধা ভক্তি  গামোচাক জনালোঁ ।
তাং:১২/০৪/২০১৭    …………..মন্তি মহন্ত