আই মোক কিয় জনম
দিলা,
ইমান কম বয়সত
ভবাই নাছিলো মই,
সুন্দৰ পৃথিবীখন
হঠাতে এৰিব লাগিব মই ।
বহুতু আশাকৰি
মায়ে জন্ম দিলে,
পঢ়ি শুনি ডাঙৰ
হ’লো,
পুত্ৰ সুখ দিবলৈ
আগবাঢ়ি যাওঁতে,
আধা বাটতে উজুতি
খালো ।
কিনো দোষ কৰিলো
একো নাজানিলো,
এই মাথোন তেইচটি
বছৰত,
নেদেখা গোঁসায়ে
মোকহে দেখিলে
পালোহি মৃত্যু
দুৱাৰ মুখত ।
অতি যতনেৰে মায়ে
মোক তুলিলে
কোলাই বোকোচাই
তুলি,
অতি কষ্টেৰে দেউতাই
মোক পঢ়ালে
সৰু চাকৰি এটি
কৰি ।
ময়ো বুজি পালো
সময় নষ্ট নকৰি
একাগ্ৰতা হ’ল
মোৰ লগৰ লগৰী,
পঢ়াশুনা শেষ কৰি
চাকৰি মুখি হওঁতেই
কোনে জানো লৈ
গ’ল মোক ধৰি বান্ধি ।
মোক নি ভগবানে
যদিহে পায় পৰম সুখ ।
একান্ত মনেৰে
ভগবানক মাতিবা
পুত্ৰৰূপে পাবলৈ
মোক,
অহা জনমত হে পাৰিম
ছাগৈ
পৰিশোধ কৰিব তোমলোকৰ
সুদ ।
তাং: ৫ মাৰ্চ ২০০৫ …….. স্বৰ্গীয় মাধুৰ্য্য কলিতা


No comments:
Post a Comment